Show/Hide Keyboard Layout

আজি গানৰ শৰাই পাতিলোঁ

- জ্যোতিপ্ৰসাদ আগৰৱালা

আজি গানৰ শৰাই পাতিলোঁ

প্ৰাণৰ শৰাই পাতিলোঁ

বিশ্বথাপনাত

মোৰ পূজালৈ মাতিলোঁ, মোৰ পূজালৈ মাতিলোঁ

বিশ্ব জনতাক ।

 

থাপনাত মই থাপিলোঁ

শুদ্ধ স্বত্ব সুন্দৰতাক ...

 

আজি সোণৰ শৰাই পাতিলোঁ

ৰূপৰ শৰাই পাতিলোঁ

দুখৰ শৰাই

চকুপানীৰ মুকুতাৰেই ভৰাই

পাতিলোঁ অ’ পাতিলোঁ ।

তোকো মাতিলোঁ

তোকো মাতিলোঁ

জনতাকো মোৰ পূজালৈ

মাতিলোঁ মাতিলোঁ

আজি গানৰ শৰাই পাতিলোঁ ।

 

মোৰ বেদনাত

হীৰা মাণিক যদি কিবা ফুলে

মোৰ সাধনাত নৱলোকৰ ৰামধেনুখন

যদিহে জ্বলে

সংস্কৃতি মোৰ জাতিষ্কাৰ

যদি ফুলে ফলে

অৰ্ঘা-কোষা পূৰ্ণ কৰি বিশ্ব তীৰ্থ জ্বলে

মাতিলোঁ মই মাতিলোঁ

নিমন্ত্ৰণৰ আমন্ত্ৰণৰ

মন্ত্ৰ বোধনৰ

উদ্বোধনৰ

চিৰ সুন্দৰৰ

জনতাকো মোৰ পূজালৈ মাতিলোঁ

মাতিলোঁ আজি

আজি গানৰ শৰাই পাতিলোঁ ।।

Hits: 4617